newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগৰ মধ্য চেঁচাপানী আৰু দক্ষিণ বাগিচা গাঁৱত বছৰ বছৰ ধৰি উন্নয়নে ঢুকি নোপোৱাত সম্প্ৰতি প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকল। যি সময়ত হাগ্ৰামা মহিলাৰীয়ে উন্নয়নেৰে মডেল বিটিচি গঢ়াৰ ঢাক-ঢোল বজাই আহিছে সেই সময়তে বিটিচিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ সদৰ চহৰৰ গাতে লাগি থকা মধ্য চেঁচাপানী আৰু দক্ষিণ বাগিচা গাঁৱত উন্নয়নৰ নামত এক বৃহৎ শূন্যতাই দেখা দিছে। 

বছৰ বছৰ ধৰি আৱেদন নিৱেদন কৰাৰ পিছতো গৌৰাং ৰে’লৱে দলঙৰ পৰা মধ্য চেঁচাপানি গাঁৱৰ আন এটা মূৰলৈ মাত্ৰ তিনি কিলোমিটাৰ দুৰত্বৰ ৰাস্তা নিৰ্মাণ আজিলৈ নোহোৱাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমষ্টিৰ উন্নয়নৰ ফোপোলা স্বৰূপটো ওলাই পৰে৷ অঞ্চলটোৰ শতাধিক ৰাইজে বুধবাৰে ক্ষুব্ধ হৈ বোকা পানীৰে ভৰপুৰ পথত অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিটিচি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে।


 
মুলত আৰএমচিৰ নেতৃত্বত এবিএছু আৰু আমছুৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰি আৰএমচিৰ নেতা ইব্ৰাহিম ভূঞাই অভিযোগ কৰা মতে গৌৰাং ৰেলৱে দলঙৰ পৰা মধ্য চেঁচাপানি গাঁৱৰ হানিফ আলিৰ ঘৰলৈ মাত্ৰ তিনি কিলোমিটাৰ দুৰত্বৰ ৰাস্তা নিৰ্মাণ কৰাৰ বাবে বছৰ বছৰ ধৰি মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ ওচৰত বহু আবেদন-নিবেদন কৰি অহাৰ পিচতো আজিকপোতি স্থানীয় জনতাই কোনো সুফল লাভ কৰা নাই।

তাৰোপৰি সংখ্যালঘূ ৰাইজৰ উন্নয়নৰ কামৰ বাবে অনানুষ্ঠানিক দায়িত্ব লাভ কৰা হাগ্ৰামা মহিলাৰীৰ দালাল চুলতান আলমক ৰাস্তা নিৰ্মাণৰ বাবে বিগত ৭ বছৰ ধৰি আবেদন-নিবেদন কৰি অহাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাত উক্ত অঞ্চলত চোলতান আলমৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে। দুখন গাঁৱৰ দুই শতাধিক ছাত্র-ছাত্ৰীয়ে দৈনিক বোকাময় ৰাস্তাৰে হাতত চেণ্ডেল লৈ কোকৰাঝাৰ চহৰৰ উচ্চ শিক্ষানুষ্ঠানলৈ অহা যোৱা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷

বাৰিষা কালত গৌৰাং নৈৰ ওপৰত থকা ৰে’লৱে দলঙেৰে ছাত্ৰ-ছাত্ৰীয়ে পদব্ৰজেৰে বিপদসংকুল ভাৱে যাতায়ত কৰাত প্ৰতি বছৰে ৰে'লৰ খুন্দাত তিনি চাৰি জনকৈ ছাত্ৰ-ছাত্ৰীয়ে মৃত্যুমুখত পৰিবলগীয়া হয় বুলি উল্লেখ কৰি আৰএমচি নেতা ইব্ৰাহিম ভূঞাই মধ্য চেঁচাপানি প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানতো যাতায়ত ব্যৱস্থাই প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰে। ইমানৰ পিছতো কোনো জনপ্ৰতিনিধি তথা বিটিচি চৰকাৰে বিষয়টোত গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰি আৰএমচিৰ নেতা চোলতান ভূঞাই সাংসদ নৱ কুমাৰ শৰনীয়াৰ ভূমিকাকো কঠোৰ ভাষাৰে সমালোচনা কৰি সাংসদগৰাকীয়ে সমষ্টিবাসীৰ খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন কৰে।