newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগৰ মধ্য চেঁচাপানী আৰু দক্ষিণ বাগিচা গাঁৱত বছৰ বছৰ ধৰি উন্নয়নে ঢুকি নোপোৱাত সম্প্ৰতি প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকল। যি সময়ত হাগ্ৰামা মহিলাৰীয়ে উন্নয়নেৰে মডেল বিটিচি গঢ়াৰ ঢাক-ঢোল বজাই আহিছে সেই সময়তে বিটিচিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ সদৰ চহৰৰ গাতে লাগি থকা মধ্য চেঁচাপানী আৰু দক্ষিণ বাগিচা গাঁৱত উন্নয়নৰ নামত এক বৃহৎ শূন্যতাই দেখা দিছে।
বছৰ বছৰ ধৰি আৱেদন নিৱেদন কৰাৰ পিছতো গৌৰাং ৰে’লৱে দলঙৰ পৰা মধ্য চেঁচাপানি গাঁৱৰ আন এটা মূৰলৈ মাত্ৰ তিনি কিলোমিটাৰ দুৰত্বৰ ৰাস্তা নিৰ্মাণ আজিলৈ নোহোৱাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমষ্টিৰ উন্নয়নৰ ফোপোলা স্বৰূপটো ওলাই পৰে৷ অঞ্চলটোৰ শতাধিক ৰাইজে বুধবাৰে ক্ষুব্ধ হৈ বোকা পানীৰে ভৰপুৰ পথত অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিটিচি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে।