newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে বৃহস্পতি বাৰে নাগপুৰ স্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ এক বিশেষ অনুষ্ঠানত উপস্থিত হৈ সংঘৰ স্বয়ংসেৱক সকলক সম্বোধিত কৰে৷ উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ নিমন্ত্ৰণ স্বীকাৰ কৰাৰ পিছতে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই তেওঁক তেনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল৷
আনকি কেইবাজনো জ্যেষ্ঠ নেতাৰ সমালোচনাৰো সন্মুখীন হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী৷ কিন্তু অনুষ্ঠানত অংশ লৈ প্ৰদান কৰা ভাষণৰ জৰিয়তে প্ৰণৱ মুখাৰ্জীয়ে তেওঁৰ বিষয়ে আলোচনা কৰা লোকসকলক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয়৷