ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি হিচাপে অন্তিমটো দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্ৰ লাভ কৰি অভিভূত হৈ পৰিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। নমোৰ চিঠিয়ে তেওঁক ইমানেই আপ্লুত কৰি তুলিলে যে সেয়া তেওঁ টুইটাৰত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলে।

চিঠিৰ আৰম্ভণিতে বিদায়ী ৰাষ্ট্ৰপতিৰ সৈতে নিজকে একাত্ম কৰি তুলিছে প্ৰধানমন্ত্ৰীয়ে। আন্তৰিক 'প্ৰণৱ দা’ সম্বোধনেৰে আৰম্ভ কৰিছে চিঠিখন। দেশৰ বাবে সমগ্ৰ জীৱন বিশেষকৈ যোৱা ৫টা বছৰ প্ৰণৱ মুখাৰ্জীৰ অৱদানৰ বাবে গভীৰ শ্ৰদ্ধাজ্ঞাপন কৰি নমোৱে চিঠিখনত লিখিছে, 'আপোনাৰ সাধাৰণ জীৱনযাপন, উচ্চ চিন্তা আৰু দৃষ্টান্তমূলক নেতৃত্ব আমাৰ বাবে অনুপ্ৰেৰণা। তিনিবছৰ পূৰ্বে একেবাৰে বহিৰাগত হিচাপে দিল্লীলৈ আহিছিলো। আমাৰ সমুখত প্ৰতিটো কামেই আছিল প্ৰত্যাহ্বানমূলক। এই সমখখিনিত আপুনি আমাৰ পিতৃ তথা মেণ্টৰৰ ভূমিকা পালন কৰিছিল। আপোনাৰ জ্ঞান, পৰিচালনা আৰু বোধশক্তিয়ে আমাক অসীম শক্তি আৰু আত্মবিশ্বাস দিছে।’

প্ৰচুৰ জ্ঞানৰ ভৰাল, ধৈৰ্যশীল প্ৰণৱ মুখাৰ্জীৰ পৰা বৈদেশিক সম্পৰ্ক, অৰ্থনীতি, প্ৰতিৰক্ষাকে আদি কৰি প্ৰতিটো বিষয়তে পৰামৰ্শ লৈছিল বুলি জনাই নমোৱে লিখিছে, 'আপোনাৰ বুদ্ধিমত্তাই সকলো সময়তে আমাৰ চৰকাৰক সহায় কৰিছে। আমি আপোনাৰ মৰম-আদৰ আৰু বিশষে যত্ন লাভ কৰি গৰ্বিত। গোটেই দিনটো ভ্ৰমণ নতুবা বৈঠকত ব্যস্ত থকাৰ পিছত আপুনি ফোন কৰি স্বাস্থ্যলৈ মন দিবলৈ সোঁৱৰাই দিছিল। সেই ফোনটোৱে মোক মুহূৰ্ততে শক্তিশালী কৰি তুলিছিল।’

নমোৱে আৰু লিখিছে, 'প্ৰণৱ দা, আমাৰ ৰাজনৈতিক যাত্ৰা দুটা পৃথক দলৰ পৰা আৰম্ভ হৈছে। আমাৰ আদৰ্শ সুকীয়া। মই প্ৰশাসনিক অভিজ্ঞতা পাইছো মাত্ৰ মোৰ ৰাজ্যখনৰ পৰা। বিপৰীতে আপুনি দশকৰ পিছত দশক ধৰি ৰাষ্ট্ৰীয় ৰাজনীতিৰ অভিজ্ঞতাৰে পৰিপুষ্ট। তথাপি আপুনি নিৰহংকাৰী, এই লৈ আপোনাৰ নাই তিলমানো ভেম। আপোনাৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ তুলনাত আমি তেনেই সামান্য। তাৰ পিছতো আপুনি বুজা-পৰাৰ মাধ্যমেৰে আমাক সংগ দি গৈছে। আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ আৰু ৰাষ্ট্ৰপতি হৈ থকা সময়ছোৱাত প্ৰতিটো মুহূৰ্ততে দেশৰ ভালৰ নিমিত্তে কাম কৰাটোকে প্ৰাধান্য দি আহিছে। আপোনাৰ এই আভিজাত্য আগন্তুক দিনত আমাৰ বাবে পাথেয় হৈ ৰ’ব।