newsnextone.com | গোৰেশ্বৰঃ প্ৰাণজিতে আজি কালি মাতৃৰ সহায় নহ’লে ঘৰৰ পৰাই ওলাবই নোৱাৰা৷ কালিলৈ তজ বজাই থকা, পথাৰত কাম কৰিবলৈ গৈ চিঞৰ-বাখৰ কৰি ধেমালি কৰা প্ৰাণজিতে লাখুটি লৈ ঘৰৰ বাহিৰলৈ ওলায়৷ ওচৰ-চুবুৰীয়াই প্ৰাণজিত তেনে অৱস্থাত দেখি হায় হায় কৰে৷ হঠাৎ কি হ’ল প্ৰাণজিতৰ কোনেও নাজানে৷
কৰ্ম কৰি কৰি খোৱা আৰু পৰিয়ালক সহায় কৰা প্ৰাণজিতৰ জীৱন ঠিকে-ঠাকে চলিছিল৷ কেতিয়াবা খেতি পথাৰলৈ গৈ কাম কৰিছিল ৷ সময়মতে মহাবিদ্যালয়লত উপস্থিত হৈ নিয়াৰিকৈ পঢ়া-শুনাও কৰি গৈছিল৷