লালু-নীতিশৰ বিহাৰত এক নতুন ৰাজনীতিৰ সূচনা কৰি মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰক প্ৰশান্ত কিশোৰে। এই সংবাদমেলত প্ৰশান্তে এক নতুন ৰাজনৈতিক দল গঠনৰ ইংগিত প্ৰদান কৰি মিহি ভাষাৰে কোনোধৰণৰ আক্ৰমণ নকৰাকৈ একপ্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। সংবাদমেলত প্ৰদান কৰা ভাষণটো দেশৰ পিছপৰা প্ৰায় প্ৰতিখন ৰাজ্যৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ হোৱালৈ চাই ইয়াৰ কিয়দংশ পঢ়ুৱৈসকললৈ বুলি আগবঢ়োৱা হ’লঃ
”নীতিশ কুমাৰে কৈছিল, ‘আমি বিহাৰৰ এটা তেনেই সাধাৰণ দল, টুইটাৰ আদিৰে কৰিম কি?’ মোৰ চিন্তা সম্পূৰ্ণ পৃথক। বিহাৰ সদায় পোষ্টকাৰ্ডৱালা ৰাজ্য হৈ থাকক, সেয়া মই কোনো কাৰণতে নিবিচাৰো। বিহাৰৰ যুবক-যুবতীয়ে টুইটাৰ নিশিকিব, ফেচবুক নকৰিব, মই সেই ধাৰণাৰ সৈতে একমত নহয়।