নতুন দিল্লীঃ আম আদমী পাৰ্টীৰ লগতে দিল্লীবাসীক শুভেচ্ছা জনাইছে বৰ্তমানৰ ভাৰতীয় ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে। তৃতীয়বাৰৰ বাবে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপক চৰকাৰ গঠনৰ সুযোগ দিয়া বাবে দিল্লীবাসীক বিশেষভাৱে ধন্যবাদো জ্ঞাপন কৰে নেতাজনে।
“ধন্যবাদ দিল্লীবাসী, এই জয়ে ভাৰতবৰ্ষৰ আত্মাক ৰক্ষা কৰিব।”-বিজেপিৰ সকলো চেষ্টাক একপ্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হোৱা আপক টুইটযোগে এইদৰে শুভেচ্ছা জনোৱাৰ লগতে মঙলবাৰে কেজৰিৱালকো সাক্ষাৎ কৰে প্ৰশান্ত কিশোৰে।