newsnextone.com | নামতিঃ পিতৃ-মাতৃ মানেই মমতা৷ পিতৃ-মাতৃ মানেই নিৰাপত্তা৷ পিতৃ-মাতৃ মানেই সন্তানৰ অস্তিত্ব, আশ্ৰয়, এবুকু ভালপোৱা৷ সন্তানৰ বাবে পিতৃ-মাতৃ পৃথিৱাৰ সকলোতকৈ আপোন, সকলোতকৈ প্ৰিয়৷ পিতৃ-মাতৃৰ ভালপোৱাক আজীৱন স্মৰণ কৰে মানুহে৷ পিতৃ-মাতৃক শ্ৰদ্ধা জনাই যদিও মৰম ভালপোৱাৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ পিতৃ-মাতৃয়ে দিয়া মৰমৰ অৱদান মানুহে কেতিয়াও দিব নোৱাৰে৷
জন্মৰ পৰাই আমাৰ শুশ্ৰুষা কৰে পিতৃ-মাতৃয়ে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে৷ পিতৃ-মাতৃ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত পিতৃ-মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ মাতৃয়ে নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷ কিন্তু পিতৃ-মাতৃয়ে লালন পালন কৰি ডাঙৰ-দীঘল কৰা সন্তানে পিছত পিতৃ-মাতৃক লালন পালন কৰিব নোখোজে৷ বৰ্তমান সমাজত তেনেই এক পৰম্পৰা গা কৰি উঠিছে সমাজত৷ শেহতীয়াকৈ অসমত তেনেই কেইবাটাও ঘটনা সংঘটিত হৈছে৷ যাৰ বাবে চিন্তিত হৈ পৰিছে সমাজৰ একাংশ পিতৃ-মাতৃ৷