নামতি/আমগুৰিঃ নামতিত এগৰাকী প্ৰাক্তন ছাত্ৰ তথা যুৱ সমাজকৰ্মীয়ে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ আমৰণ অনশন অব্যাহত আছে যদিও প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ শিৱসাগৰৰ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ১ কোটি ২৯ লাখ টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি যোৱা ৪০ ঘন্টা ধৰি আমৰণ অনশন অব্যাহত ৰাখিছে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে৷
অধ্যক্ষৰ বিৰুদ্ধে ইতিমধ্যে মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে বিত্তীয় অনিয়মৰ তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ এচ এচ জামানৰ বিদায় লোৱাৰ দিনটোতে আছুৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীয়ে৷