newsnextone.com | বঢ়মপুৰঃ জাকাৰ্তাত অনুষ্ঠিত হৈ থকা অষ্টাদশ এছিয়ান গেমছৰ অহা ২৫ আগষ্টত অনুষ্ঠিত হবলগীয়া ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমক কন্যা তথা ভাৰত গৌৰৱ হিমা দাসে। অসম কন্যা গৰাকীৰ বিজয়ৰ কামনা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থনা, পুজা পাঠ আদি কৰা দেখিবলৈ পোৱা গৈছে।

স্বৰ্ণজয়ী হিমাৰ জয় কামনা কৰি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত ৰজা পথাৰ তিনিআলি প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে এক অভিনৱ কাৰ্য্যসূচী পালন কৰা হয়। 

বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে হিমা দাসৰ প্ৰতিচ্ছবি খন বুকুত লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে তাই যাতে পুনৰ এবাৰ অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনি বিশ্বত জিলিকি উঠিবলৈ সক্ষম হয়।