newsnextone.com | বিলাসীপাৰা/তামুলপুৰঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত পুনৰ লালীমাই নামৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া-চাঞ্চল্য আজিও অব্যাহত আছে৷
তাৰ মাজতে আমছুৱে বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুয়োগৰাকী মহিলাৰ আত্মাৰ সদ্গতি কামনা কৰে৷ শুকুৰবাৰে সন্ধিয়া বিলাসীপাৰা গান্ধী চ’কত বন্তি প্ৰজ্বলন কৰে আমছুৱে৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশ লৈ বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলে কয় যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে।