59
ৰঙিয়াঃ বানপানীৰ কবলত পৰি ককবকাই থকা ৰাজ্যবাসীয়ে এতিয়া বৰষুণ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ দিন পাছত দিন ধৰি বৰষুণ নিদিয়াৰ ফলত খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ কৃষক৷
পথাৰত ছিৰাল ফাট আৰু কঠিয়া নষ্ট হোৱাৰ উপক্ৰম হোৱাত মূৰে-কপালে হাত দিছে ৰাজ্যৰ কৃষকে৷ বছৰি খেতি পথাৰত পানী যোগান ধৰাৰ নামত কোটি কোটি টকা খৰছ কৰা বিয়াগোম জলসিঞ্চন বিভাগে কৃষকক এটুপিও পানী ধৰিব নোৱাৰাৰ ফলত বৰষুণৰ বাবে ভগৱানক কাকুতি-মিনতি কৰিব লগা হৈছে৷