লখিমপুৰঃ বান-গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি লখিমপুৰৰ সৰ্বত্ৰে চলিছে এতিয়া প্ৰতিবাদ৷ আজি পুৱাৰ ভাগতো সোঁৱণশিৰিৰ পাৰত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি লখিমপুৰৰ বানাক্ৰান্তই নাম-কীৰ্তনেৰে কৰিছে জল দেৱতালৈ পূজা-অৰ্চনা৷
১৯৯০ চনৰ পৰাই লখিমপুৰৰ ঢলঘাট, ঘাগৰ, মহাইজান, মাজগাওঁ, মাজৰচাপৰিকে ধৰি প্ৰায় অৰ্ধশতাধিক গাঁও সোঁৱণশিৰিৰ গৰাখহনীয়াৰ কবলত পৰি আহিছে যদিও চৰকাৰ কিম্বা লখিমপুৰ জিলা প্ৰশাসনৰ পৰা খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷