নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ হাৱাজানৰ সু- চিন্তাশীল লেখক পৱিত্ৰ শইকীয়াই মঙ্গলবাৰে এক ভক্তিমূলক গ্ৰন্থৰ ব্যাখ্যানুষ্ঠান আয়োজন কৰে। ইংৰাজী আৰু অসমীয়া দ্বৈত ভাষাতে সাহিত্য চৰ্চা কৰা নীৰৱ সাহিত্যিক তথা হাৱাজান দেউৰী গাঁৱৰ বাসিন্দা পৱিত্ৰ শইকীয়াৰ ১১ তম প্ৰকাশিত প্ৰেম ভক্তিমূলক গ্ৰন্থ “প্ৰেমামৃত কথন”ৰ ওপৰত আজি হাৱাজানৰ মাজৰদলনী নামঘৰত সাৰ্বজনীনভাৱে পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
সাহিত্যকৰ্মী শইকীয়াই প্ৰেমৰ আধাৰত সম্পূৰ্ণ প্ৰেমভক্তিৰে শংকৰী যুগৰ শব্দ চয়ন, দুলড়ীৰে মহাপুৰুষ মাধৱদেৱৰ আৰ্হিৰে নিজস্ব চিন্তা শক্তি আৰু মৌলিকতাৰে ব্যতিক্ৰমী ৰূপত লিখা এখন অমূল্য গ্ৰন্থ এই “প্ৰেমামৃত কথন”। প্ৰেম অবিহনে ভক্তি শূন্য আৰু প্রেমেই হে সমস্ত জগত জিনিব পাৰি, এয়াই হ’ল গ্ৰন্থখনৰ মূল উদ্দেশ্য ।