51
মিছামাৰীঃ অসমত নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ দ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ শিৱিৰ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে আজি মিছামাৰীতো অনুষ্ঠিত হয়।
বৃহত্তৰ অঞ্চলটোৰ বাঁহবেৰা, গৰুবন্ধা, জীয়াগাভৰু, মিছামাৰী আৰু গঁড়মৰা সমল কেন্দ্ৰৰ প্ৰশিক্ষণ শিৱিৰ সমুহ ক্ৰমে লাখোপাৰা প্ৰাথমিক বিদ্যালয়, গৰুবন্ধা প্ৰাথমিক বিদ্যালয়, কালি প্ৰসাদ বৰা প্ৰাথমিক বিদ্যালয়, ধনখনা এম ই স্কুল আৰু গঁড়মৰা এম ই স্কুলত অনুষ্ঠিত হৈ যায়৷