তেজপুৰঃ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ দুটা দিন বাকী। সম্প্ৰতি ৰাজ্যৰ প্ৰান্তে প্রান্তে চলিছে দুৰ্গা দেৱীক আদৰাৰ প্ৰস্তুতি৷ শোনিতপুৰ জিলাৰ তেজপুৰ চহৰৰ পাল পৰিয়ালৰ খনিকৰ সকলে দুৰ্গোৎসৱৰ প্ৰতিমা সজাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। গ্ৰাম্য চহৰ খনৰ লগতে ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলবোৰত দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকল।
দুৰ্গা প্ৰতিমাত শেষ পৰশ দিয়াত ৰত খনিকৰ সকল। এই পৰ্যন্ত তেজপুৰৰ মৃন্ময় শিল্পী সকলে প্ৰতিমা নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ কৰি তুলিছে। উল্লেখ্য যে, তেজপুৰ চহৰৰ লগতে ডেকাৰগাও, মিলনপুৰ, ডিপোটা, বালিপুখুৰি তিনিআলি, বিহগুৰকেধৰি প্ৰায় ১২৫খন দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷