newsnextone.com | নগাঁওঃ অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত অহা ১, ২ আৰু ৩ আহিন (১৮, ১৯ আৰু ২০ ছেপ্তেম্বৰ)ত ৫৭০ সংখ্যক গুৰু জয়ন্তী উৎসৱ ভাগ আড়ম্বৰপূৰ্ণ ভাৱে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহঃ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, যোগেন শইকীয়াকে প্ৰমুখ্য কৰি কাৰ্যকৰী সদস্য সকলৰ উপস্থিতিত এক সংবাদ মেলত গুৰুজয়ন্তীৰ কাৰ্যসূচী উন্মোচন কৰা হয়।
গুৰুজয়ন্তীৰ কাৰ্যসূচী অনুসৰি ১৮ ছেপ্তেম্বৰৰ পুৱা থানৰ নিত্য নৈমিত্তিক প্ৰসঙ্গৰ পিছত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিৰ হ’ব লগীয়া অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে। দিনৰ ২ বজাত গুৰু চৰিত পাঠ। সন্ধিয়া ৬ বজাত অসম ভিত্তিত দিহানাম প্ৰতিযোগীতাৰ শুভ উদ্বোধন কৰিব শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি পৰমানন্দ দেৱ মহন্তই।