অসম সহ ৫ ৰাজ্যৰ ৰাজ্যপাল নিয়োগ কৰিলে ৰাষ্ট্ৰপতিয়ে

Home ৰাজ্যঅসম সহ ৫ ৰাজ্যৰ ৰাজ্যপাল নিয়োগ কৰিলে ৰাষ্ট্ৰপতিয়ে

অসম সহ ৫ ৰাজ্যৰ ৰাজ্যপাল নিয়োগ কৰিলে ৰাষ্ট্ৰপতিয়ে

by News Desk
54 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দশমীৰ দিনটোত দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ৫ ৰাজ্যত নিয়োগ কৰিলে ৰাজ্যপাল৷ শনিবাৰে বিজয় দশমীৰ উলাহ-মালহৰ মাজতে ৫ ৰাজ্য আৰু এখন কেন্দ্ৰশাসিত এলেকাৰ ৰাজ্যপাল নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে৷ আনহাতে আন্দামান-নিকোবৰ দীপ পুঞ্জৰ ৰাজ্যপালো নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে৷ ৰাষ্ট্রপতি ভৱনৰ এক নিৰ্দেশ পত্ৰত এই কথা প্ৰকাশ পায়৷

বিহাৰ, অসম, অৰুণাচল প্রদেশ, তামিলনাড়ু আৰু মেঘালয়ৰ ৰাজ্যপাল নিয়োগ কৰে। অধ্যাপক জগদীশ মুখীক অসমৰ ৰাজ্যপাল, সত্যপাল মালিকক বিহাৰৰ ৰাজ্যপাল, বানোৱাৰি লাল পুৰোহিতক তামিলনাডু আৰু গংগা প্রসাদক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে। ব্রিগেডিয়াৰ ডা০ বি ডি মিশ্রক অৰুণাচলৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে অবসৰপ্রাপ্ত এডমিৰেল দেবেন্দ্রকুমাৰ যোশিক আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গভর্নৰ হিচাপে নিযুক্তি দিয়া হয়৷ অসমত নিয়ুক্তি দিয়া জগদীশ মুখী আন্দামান-নিকোবৰ দীপ পুঞ্জৰ উপ-ৰাজ্যপাল আছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0