লালুকঃ লখিমপুৰ জিলাৰ পাভ সমবায় সমিতিৰ সভাপতিৰ বিৰুদ্ধে যুৱ ব্যৱসায়ীক হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা সভাপতিগৰাকী অন্তৰ্ধান হৈ আছে৷
তাৰ মাজতে সভাপতিগৰাকীৰ বিৰুদ্ধে পাভ সমবায় সমিতিৰ সদস্য সকলে অনাস্থা দিয়াৰ এক বাতৰি পোৱা গৈছে৷ যুৱনগৰৰ যুৱ ব্যৱসায়ী গুলজাৰ খানৰ হত্যা কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱাৰ পিচৰে পৰা ৰহস্যজনকভাৱে আত্মগোপন কৰি থকা সমিতিৰ সভাপতি আলতাফ হুচেইনৰ বিৰুদ্ধে আজি সমিতিৰ কাৰ্যকৰী সভাত অনাস্থা প্ৰস্তাৱ গৃহিত হয় ৷
সমিতিৰ উপ-সভাপতি আবুল হাসিমৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যকৰী সভা খনত পূৰ্বৰ সমিতি ভংগ কৰি নতুনকৈ কংগ্ৰেছৰ আক্কাছ আলীক সভাপতি নিৰ্বাচিত কৰে৷ ইফালে সভাত উপ-সভাপতি আবুল হাসিমে পদ ত্যাগ কৰাত সভাই সৰ্বসন্মতি ক্ৰমে আব্দুল জুব্বাৰক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰে৷ সভাত সমবায় সমিতি সমূহৰ পৰ্যবেক্ষক বুধিন বৰা উপস্থিত থাকে৷