Home দেশঅপাৰেচন সেন্দূৰৰ বিতং তথ্য দিলে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাই

অপাৰেচন সেন্দূৰৰ বিতং তথ্য দিলে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাই

by News Desk
A+A-
Reset
press-briefing-on-operation-sindoor-1897581

নতুন দিল্লীঃ ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতাত সম্পন্ন হোৱা যুদ্ধবিৰতিৰ পাছত আজি দিল্লীত এক যৌথ সংবাদমেল অনুষ্ঠিত কৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনি শাখা ক্ৰমে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই। সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হোৱা এই সংবাদমেলত উপস্থিত থাকি অপাৰেশ্যন সিন্দূৰ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰে সেনাৰ ডিজিএমঅ’, লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই, বায়ুসেনাৰ এয়াৰ মাৰ্শ্বাল এ কে ভাৰতী আৰু নৌসেনাৰ ভাইচ এডমিৰেল এ এন প্ৰমোদে। সংবাদমেলত লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয় যে যোৱা ৭ মে’ৰ কাহিলি পুৱা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়।আইচি-৮১৪ হাইজেকিং আৰু পুলৱামা আক্ৰমণৰ দৰে কাণ্ডত জড়িত আছিফ আজহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাছিৰ আহমেদৰ দৰে সন্ত্ৰাসবাদী নিহত হয় এই আক্ৰমণত। তেওঁ কয় যে অপাৰেশ্যন সিন্দূৰৰ লক্ষ্য আছিল সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰা।

ইফালে, ৭ মে’ৰ পৰা ১০ মে’ৰ ভিতৰত সীমান্ত গোলাবৰ্ষণত ৩৫-৪০জন পাকিস্তানী জোৱান নিহত হোৱাৰ বিষয়েও জানিবলৈ দিয়ে ৰাজীৱ ঘাইয়ে। অৱশ্যে এই সময়ছোৱাত ভাৰতৰ ৫ গৰাকী বীৰ জোৱানো শ্বহীদ হয়। সংবাদমেলত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে জনোৱা মতে, ৮-৯ মে’ৰ নিশা পাকিস্তানে জম্মু, উধামপুৰ, পাঠানকোট, অমৃতসৰ, ভাটিণ্ডা, ডালহাউছি আৰু জয়ছালমেৰত থকা ভাৰতীয় বিমান ঘাটিলৈ ড্ৰ’ন আৰু যুদ্ধ বিমান প্ৰেৰণ কৰে। ভাৰতীয় বায়ুসেনাৰ এছ-৪০০ আৰু পেচোৰাকে ধৰি প্ৰতিৰক্ষা ব্যৱস্থাই এই আক্ৰমণ বিফল কৰে। ভাৰতীয় বায়ু সেনাই কেইবাখনো পাকিস্তানী বিমানো ধ্বংস কৰিবলৈ সক্ষম হয় যদিও সঠিক সংখ্যা প্ৰকাশৰ পৰা বিৰত থাকে ভাৰতী। অন্যহাতে, ভাইচ এডমিৰেল এ এন প্ৰমোদে কয় যে ভাৰতীয় নৌসেনাই এই অভিযানত অস্ত্ৰ-শস্ত্ৰ যোগান আৰু সমুদ্ৰ আৰু স্থল ক্ষেত্ৰত সহায় আগবঢ়াইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0