ৰঙিয়াঃ এই খন আমাৰ অসম৷ ইয়াত কেৱল খিলঞ্জীয়া মানুহৰহে দপ দপনি চলিব। নগাঁও কাণ্ডত আছুৰ কেন্দ্ৰীয় নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি সৰৱ চৰ্চা চলি থকাৰ সময়তে আজি আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যই ৰঙিয়াত এনেদৰে বিস্ফোৰক মন্তব্য কৰে৷
আছুৰ উপদেষ্টাগৰাকীয়ে ৰঙিয়া মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ গৈ এক সংবাদমেল অনুষ্ঠিত কৰি নগাঁও কাণ্ডত জড়িত সকলোকে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব বুলি কয়। অসমৰ জাতি-জনগোষ্ঠীৰ লোক ঐক্যবদ্ধ হ’ব লাগিব বুলি দোহাৰি আক্ৰমণকাৰীক কঠোৰ ভাবে সকীয়াই দিয়ে৷