নগাওঃ নগাঁৱত গৃহ কন্দলত নিমজ্জিত হৈ পৰিছে আমছুৰ নেতা-কৰ্মী। ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ-প্ৰতিভিযোগত ব্যস্ত হৈ পৰিছে৷ বৃহস্পতিবাৰে নগাঁৱত সংখ্যালঘু সংগঠন আমছুৱে নগাঁৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি এটা সংগঠন জন্ম দি নিজকে সংখ্যালঘু ছাত্ৰ-নেতা বুলি জাহিৰ কৰি ফুৰা আমছুৰ কমৰুজ জামান সৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷
আমছু নেতাজনৰ কাম-কাজত ক্ষোভিত হৈ তেওঁৰ বিৰুদ্ধে সংবাদমেলৰ জৰিয়তে বিভিন্ন অভিযোগ উত্থাপন কৰি সোচ্চাৰ হৈ পৰা নগাঁও আমছু৷ এতিয়া আমছুৰ নেতা-কৰ্মীৰ অভিযোগ-প্ৰতিভিযোগে সমগ্ৰ নগাঁও জিলাত ব্যাপক চৰ্চা লাভ কৰিছে।