newsnextone.com | কাৰ্বি আংলংঃ ৪ চেপ্তেম্বৰৰ পুৱা ৫ বজাৰ পৰা ৫ চেপ্তেম্বৰৰ পুৱা ৫ বজালৈকে কাৰ্বি আংলংৰ তিনিটা সংগঠন ক্ৰমে এএছডিচি, কাৰ্বি ছাত্ৰ সন্থা আৰু কেএনচিএ য়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া তিনি পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা বন্ধৰ বিৰোধিতাৰে অসমীয়া যুৱ মঞ্চৰ সম্পাদক সচিব জিতুল ডেকাই উচ্চ ন্যায়লয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে৷
এই আবেদনত উল্লেখ কৰা মতে, এই বন্ধই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰিছে৷ ইয়াৰ উপৰিও বন্ধ দিয়া কাৰ্য অবৈধ আৰু এখন গণতান্ত্ৰিক দেশত বন্ধ দিয়াৰ অধিকাৰ কাৰো নাই৷ সেয়েহে তিনিওটা সংগঠনৰ সভাপতিৰ ওপৰত অভিযোগ তুলি কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ২৪ ঘণ্টীয়া বন্ধৰ সময়ছোৱাত হোৱা ক্ষতিপূৰণৰ বাবে প্ৰতিটো সংগঠনৰ সভাপতিয়ে ৫ কোটি টকাকৈ অসম চৰকাৰক জমা দিবলৈ ৰাজহুৱা অভিযোগত উল্লেখ কৰে৷