নলবাৰীঃ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী দেৱালয় বালিলেচা উন্নয়ন সমিতিৰ স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য। বিধায়ক গৰাকীৰ বিধায়ক পুজিৰ পৰা কালী দেৱালয় সমিতিয়ে এটকাও বৰঙণি গ্ৰহণ নকৰে।
বিধায়ক গৰাকীৰ বিৰুদ্ধে স্বৈৰচাৰিতাৰ অভিযোগ কালী দেৱালয় পৰিচালনা সমিতিৰ। বৃহস্পতিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত এক সংবাদ মেল সম্বোধন কৰি কালী মন্দিৰ উন্নয়ন সমিতিয়ে এইদৰে ক্ষোভ ব্যক্ত কৰে। উল্লেখ্য যে, নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কৃষ্ণা বৰুৱাই কালী দেৱালয়লৈ অহা ভক্ত সকলৰ সুবিধাৰ্থে এটি বন্তি প্ৰজ্বলন গৃহ নিৰ্মানৰ বাবে চৰকাৰীভাৱে ৩ লাখ ৩৮ হাজাৰ টকাৰ এক আৰ্থিক সাহায্য আগবঢ়াইছিল।