লখিমপুৰঃ বিজেপি দল কেৱল বেনাৰ আৰু পোষ্টাৰৰ দল। উন্নয়নৰ পৰিৱৰ্তে বেনাৰ-পোষ্টাৰেৰে চমক সৃষ্টি কৰি ৰাইজৰ চকুত ধুলি মাৰি আহিছে বিজেপিয়ে।
শাসকীয় বিজেপি দলৰ বিৰুদ্ধে আজি এনেদৰে সমালোচনাত মুখৰ হৈ হৈ পৰে প্ৰাক্তন বিধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সম্পাদক ভূপেন বৰা।
আজি লখিমপুৰ প্ৰেছ ক্লাবত দিনৰ ১২ বজাত প্ৰাক্তন বিধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সম্পাদক বৰাই বিজেপি দলক কেৱল বেনাৰ আৰু পোষ্টাৰৰ দল আখ্যা দিয়ে।
জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতে কালৰূপ ধাৰণ কৰা বানপানী সমস্যাক ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ লগতে বানপিড়ীতৰ ওচৰত থিয় দিবলৈ বিজেপিৰ মন্ত্ৰী-বিধায়কৰ আহৰি নাই বুলিও তেওঁ অভিযোগ কৰে।
সোণোৱাল চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ হাতত এতিয়া অসমৰ মানুহৰ খবৰ লবলৈ সময়ৰ অভাৱ ঘটিছে বুলি কটাক্ষ কৰি যোৱা এটা বছৰত চৰকাৰখনে প্ৰতিশ্ৰুতি অনুযায়ী এটাও সমস্যাৰ সমাধান কৰিব নোৱাৰিলেও বুলিও অভিযোগ কৰে ভূপেন বৰাই।
আনহাতে দুৰ্নীতি-কেলেংকাৰীৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰে "ডাঙৰে কৰিলে লীলা আৰু সৰুৱে কৰিলে ধৰি বান্ধি কিলা" নীতি অনুসৰণ কৰা বুলি মন্তব্য আগবঢ়ায়।