61
গুৱাহাটীঃ চাকমা আৰু হাজং সকলে নিজৰ পাবলগীয়া অধিকাৰ বিচাৰি চৰকাৰলৈ আবেদন জনাই আজি গুৱাহাটী প্ৰেচ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰে।
নাগৰিকত্ব থকা সত্বেও উচিত অধিকাৰ সমুহৰ পৰা চাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকল সদায় বঞ্চিত হৈ আহিছে। চাকৰি নিযুক্তিৰ পৰা বঞ্চিত, ৰেচন কাৰ্ডৰ অধিকাৰ পৰা বঞ্চিত আদি বিভিন্ন ক্ষেত্ৰৰ পৰা বঞ্চিত এই সকল লোকৰ হৈ দাবী জনায় ৰাইট ক’জ (right cause)ৰ সভাপতি মহেন্দ্ৰ চাকমাই।