ডিজিটেল ডেস্কঃ শনিবাৰে পিএনবি ঘোটালা সন্দৰ্ভত কংগ্ৰেছে দিল্লীৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি শাসকীয় বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল চিব্বালে দেশৰ চকীদাৰে পকোৰা বনোৱাৰ পৰামৰ্শ দি আহিছে বুলি কয়৷ বৰ্তমানৰ পৰিস্থিতি এই যে, চকীদাৰ শুই আছে আৰু চোৰে পলায়ন কৰিলে৷ প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি এই তীৰ্যক বাক্যবান কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়৷
ইমানে নহয় কেৱল কেইগৰাকীমান উদ্যোগপতিৰ লাভৰ বাবে বেংকে কাম কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ ২-জি ঘোটালা সংঘটিত নোহোৱাৰ পিছতো বিজেপিৰ ভুৱা অভিযোগৰ বাবে আজি দেশৰ লোকচান হোৱা বুলি কয়৷ প্ৰধানমন্ত্ৰীক কাঠগড়াত থিয় কৰি প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণত কোন কোন লগত যায় ইয়াক লৈয়ো প্ৰশ্ন উত্থাপন কৰে৷