ডিব্ৰুগড়ঃ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক প্ৰতাৰণা কৰিছে চৰকাৰে৷ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী৷ আজি ডিব্ৰুগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰা বুলি আৱেগিক হৈ পৰে।
সংবাদমেলত গুৱাহাটী উচ্চ ন্যায়ালয়ে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰী সকলক মাহিলী পূৰ্ণকালীন পেঞ্চন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ অমান্য কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক তথা কৰ্মচাৰীসকলে।