Home ৰাজ্যগুৱাহাটীত কেন্দ্ৰীয় বিদ্যালয়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি

গুৱাহাটীত কেন্দ্ৰীয় বিদ্যালয়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি

by News Desk
59 views
A+A-
Reset

গুৱাহাটীঃ নতুন দিল্লীস্থিত ভাৰত চৰকাৰৰ মানৱ সম্পদ বিভাগৰ অধীনস্থ কেন্দ্ৰীয় বিদ্যালয় সংগঠনে আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰে৷ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী সংমণ্ডল উদ্যোক্তাসকলে অহা ৬ অক্টোবৰৰ পৰা গুৱাহাটী সংমণ্ডলৰ সৌজন্যত গুৱাহাটীত ৪৮তম্ কেন্দ্ৰীয় বিদ্যালয়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিব৷ এই বিষয়ে আজি কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী সংমণ্ডল উদ্যোক্তাসকলে সংবাদমেলখনত ঘোষণা কৰে।

৬ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমুহৰ ভিতৰত ১৪ বছৰৰ তলৰ প্ৰতিযোগীৰ বাবে সাতোঁৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷ ইয়াৰ উপৰিও ১৭ আৰু ১৯ বছৰৰ তলৰ শাখাত থাকিব অন্যান্য খেল ধেমালি। প্ৰতিযোগিতা সমূহ কেৱল ছাত্ৰৰ মাজতহে অনুষ্ঠিত হ’ব। ইতিমধ্যে ২০১৩ ত কেৱল ছাত্ৰী সকলৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে বুলি উদ্যোক্তাসকলে সংবাদমেলত জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0