গোসাঁইগাঁওঃ বিটিচি এলেকাত বসবাস কৰা কোচ ৰাজবংশী, নাথ-যোগী, চাওতাল আৰু নেপালী আদি জনগোষ্ঠীৰ সংৰক্ষিত মৰ্যদা কৰ্তন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ উত্তাল হৈ পৰিছে বিটিএডি৷ যোৱা ১২ জানুৱাৰীত বিটিচি কেবিনেট বৈঠকত সংৰক্ষিত জনগোষ্ঠী সমুহৰ ভুমিৰ অধিকাৰ কৰ্তন কৰি পৰিষদে লোৱা সিদ্ধান্ত মৰ্মে জনজাতীয় লোকৰ ভুমি ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি অৱধাৰিত৷ইমান দিনে বিটিচি এলেকাত সংৰক্ষিত জনগোষ্ঠী হিচাপে বিশেষ মৰ্যদা সহকাৰে বসবাস কৰা জনগোষ্ঠী কেইটাই ১৮৮৬ চনৰ আসাম লেণ্ড ৰেভিনিউ ৰিগুলেচন এক্টৰ অধীনত ভুমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সকলো সুবিধা লাভ কৰি আহিছিল৷
তাৰোপৰি তদানীন্তত বিএচি পৰিষদৰ সময়তো বিএচি চীফ প্ৰেম সিং ব্ৰহ্ম প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এই জনগোষ্ঠী সমুহক ১৯৯০ চনতে সংৰক্ষিত জাতিৰ মৰ্যদা দি সন্মান সহকাৰে বসবাস কৰাৰ সুযোগ দিয়াৰ উপৰি ভুমি ক্ৰয়-বিক্ৰয়ৰ সুবিধা লাভ কৰিছিল৷কিন্তু বিটিচি এলেকাত বিগত দিনত জনগোষ্ঠী সমুহে ভোগ কৰি অহা ভুমিৰ অধিকাৰ খৰ্ব কৰি কেবিনেট বৈঠকত লোৱা হঠকাৰী সিদ্ধান্তত পুনৰ অশান্তিৰ বাতাবৰণ সৃষ্টি হৈছে৷সম্প্ৰতি বিটিচিৰ সৰ্বত্ৰতে ক্ষোভৰ বিস্ফোৰন সৃষ্টি হোৱা অৱস্থাত গোসাঁইগাঁৱত জনগোষ্ঠী কেইটাই আজি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি পৰিষদৰ এনে ষড়যন্ত্ৰ মুলক সিদ্ধান্তৰ বিৰোধীতা কৰি পুনৰ সোচ্চাৰ হৈ কৰিছে৷