newsnextone.com তেজপুৰঃ বুধবাৰে তেজপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি অসম সন্মিলিত মহাসংঘৰ নেতা মতিউৰ ৰহমানে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু অসমৰ জাতীয়তাবাদী দল-সংগঠনক তীব্ৰ সমালোচনা কৰে। ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ খচৰা সন্দৰ্ভত অনুষ্ঠিত কৰা সংবাদমেলত এনআৰচিৰ খচৰাক মৃত্যুৰ দলিল আখ্যা দিয়ে ৰহমানে। ইমানে নহয় খিলঞ্জীয়া আৰু বাচি নাথাকে বুলি কয়। 

অসম সম্মিলিত মহাসংঘৰ নেতা ড০ বিশ্বৰঞ্জন কলিতা, দিপক কুমাৰ নাথ আৰু এনডিএফবিৰ (প্ৰ) সভাপতি গোবিন্দ বসুমতাৰীৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত ১৯৫১ চনক ভিত্তি বৰ্ষ কৰিব লাগে বুলি আদালতত কৰা আবেদনৰ ভিত্তিত সাংবিধানিক বিচাৰপীঠত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এনআৰচিৰ খচৰা প্ৰকাশ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে ৰহমানে।

মতিউৰ ৰহমানে কয় যে এনআৰচিৰ খচৰা গ্ৰহণ যোগ্য নহয়। ১৯৭১ চনক ভিত্তি কৰি এনআৰচিৰ খচৰা প্ৰকাশ কৰা হৈছে। আমি ১৯৫১ চনক ভিত্তি বৰ্ষ কৰিব লাগে বুলি আদালতত কৰা আবেদনৰ ভিত্তিত সাংবিধানিক বিচাৰপীঠত বিচাৰ প্ৰক্ৰিয়া চলিব। কিন্তু ১৯৭১ চনক ভিত্তি কৰি এনআৰচিৰ খচৰা প্ৰকাশ কৰা হ'ল। 
এই খন মৃত্যুৰ দলিল। খিলঞ্জীয়া আৰু বাচি নাথাকে। অসমত বঙালী সংখ্যাগৰিষ্ঠতা হৈ গ'ল। অসম নামৰ ভূখণ্ডত অসমীয়া ভাষী সংখ্যালঘূ হৈ গ'ল। আমি এতিয়া বঙালী ভাষা ক'ব লাগিব বুলি কয় ৰহমানে। 

মতিউৰ ৰহমানে বিধানসভাও বঙালী ভাষীয়ে দখল কৰিব বুলি সংবাদমেলত মত পোষণ কৰে। তেওঁ কয় যে দিছপুৰৰ চৰকাৰ বিদেশীৰ নিয়ন্ত্ৰণলৈ যাব। বঙালী ভাষীসকল সংখ্যাগৰিষ্ঠতা হ'ল। এইটো নিশ্চিত সত্য। এই সকলৰ ভাষা কি বুলি প্ৰশ্ন কৰি বঙালী ভাষা বুলি কয়। গতিকে আন কি অংক কৰি দেখুৱাব লগা আছে। এই খন মৃত্যুৰ দলিল। ভাৰতৰ বেলেগ ৰাজ্যত হ'লে আমাক খেদি খেদি বধ কৰিলে হেতেন। পৃথিৱীৰ বেলেগ ঠাইত এনে ঘটনা নঘটে আৰু ঘটা নায়।

শ্বহীদক চূড়ান্ত অপমান কৰা হৈছে। শ্বহীদক বিলাক মৰিছিল ১৯৫১ চনৰ ভিত্তিত। ১৯৭১ চনৰ ভিত্তিত এজনো শ্বহীদ হোৱা নাই। আমি সেই আন্দোলনৰ সৈতে জড়িত আছোঁ। ৫১ আছিল দাবী। ১৯৮৪ চনৰ ভিতৰত গোটেই বিলাক শ্বহীদ হৈছে। ১৯৮৫ চনত আন্দোলন স্তিমিত। তাৰ পিছত আলোচনা আৰু তথাকথিত চুক্তি। 

অসম সন্মিলিত মহাসংঘৰ নেতা মতিউৰ ৰহমানে মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি মুখ্য নিৰ্বাচনী আয়ুক্তই এনআৰচিৰ খচৰাৰ পৰা বাদ পৰা লোকক ভোটাধিকাৰ থাকিব বুলি কোৱা বুলি কয়। ১২ হাজাৰ কোটি টকা কিয় খৰচ কৰিলে বুলি কৈ এই খচৰাত আমাৰ ইয়াত সমৰ্থন নাই বুলি কয়। 

ৰহমানে আৰু কয় যে আমাক হত্যা কৰিব খোজাৰ ই এটা ফল। এনআৰচি এখন সম্পূৰ্ণ ভেকোঁভাওনা। নাম কটা ৭১ চনৰ পিছৰ মানুহে যদি ভোটেই দিব পাৰে তেন্তে  কি প্ৰয়োজন আছিল এইখনৰ।ভাৰত-অসমৰ চৰকাৰ কি চৰকাৰ এই সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা কিয় লোৱা নাই। এই কথাৰ গভীৰতালৈ নগৈ আমাৰ জাতীয়বাদী নেতাসকলে মিঠাই খাই হাল্লা কৰি নাচি আছে। 

দুৰ্ভাগ্যৰ কথা অসম মাতৃয়ে কান্দি আছে। শ্বহীদ বিলাক মিৰিছিল ১৯৫১ৰ ভিত্তিত। কোনো শ্বহীদ পৰিয়ালে কব পাৰিব নেকি ১৯৭১ চনৰ ভিত্তিত কোনোৱে শ্বহীদ হোৱা বুলি। শ্বহীদক অপমান কৰি নাচি আছে মিঠাই খাই আছে। এনে কথা কেৱল অসমতহে হৈছে। নাগৰিকত্বৰ ভিত্তি বৰ্ষ সাংবিধানিক বিচাৰপীঠে থিক কৰিব। তাৰ বাবে আমি যুঁজ দি যাম। সাংবিধানিক বিচাৰপীঠে ৰায় নিদিয়াকৈ খচৰা প্ৰকাশ কৰিছে আৰু ইয়াত সম্পূৰ্ণ ৰাজনৈতিক হস্তক্ষেপ আছে। এয়া অসম ধ্বংস কৰাৰ ষড়যন্ত্ৰ। এই সকল লোক পাকিস্তানৰ। লাখ লাখ লোক অসমত বৈধ হ'ল। এতিয়া লজ্জাৰ কথা এই যে ৰাজনৈতিক দল আৰু জাতীয় সংগঠনে কাৰ্যালয় খুলিছে আৰু তেওঁলোকক কাগজ লৈ মাতিছে বৈধ কৰিবলৈ।

আনহাতে এনডিএফবিৰ (প্ৰ) সভাপতি গোবিন্দ বসুমতাৰীয়ে সংবাদ মেলত উপস্থিত থাকি কয় যে ১৯৭১ চনক ভিত্তি কৰি এনআৰচিৰ খচৰা প্ৰকাশ কৰা হৈছে। আমি ১৯৫১ চনক ভিত্তি বৰ্ষ কৰিব লাগে বুলি আদালতত কৰা আবেদনৰ ভিত্তিত সাংবিধানিক বিচাৰপীঠত বিচাৰ প্ৰক্ৰিয়া চলিব। কিন্তু ১৯৭১ চনক ভিত্তি কৰি এনআৰচিৰ খচৰা প্ৰকাশ কৰা হ'ল। আইনৰ যোগেৰে চালে এয়া গ্ৰহণ যোগ্য নহয়। আদালততৰ ৰায়লৈ অপেক্ষা কৰিব লাগিছিল। এই মন্তব্য এনডিএফবিৰ (প্ৰ) সভাপতি গোবিন্দ বসুমতাৰীৰ। বুধবাৰে তেজপুৰত অনুষ্ঠিত কৰা এখন সংবাদমেলত ১৯৭১ চনক ভিত্তি কৰি এনআৰচিৰ খচৰা প্ৰকাশ কৰাত বিতুষ্ট হৈ পৰে এনডিএফবি (প্ৰ) নেতাগৰাকীয়ে। 

উল্লেখ্য যে, অসম সন্মিলত মহাসংঘই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ তৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ত চলি থকা ৪টা গোচৰ ৩ বছৰ ৬ মাহ ধৰি সাংবিধানিক বিচাৰপীঠত পৰি ৰৈছে বুলি অভিযোগ উত্থাপন কৰিছিল অসম সন্মিলত মহাসংঘই। যোৱা ৯ জুলাইত এখন সংবাদ মেল অনুষ্ঠিত কৰি মহাসংঘই যোৱা ৫ ফেব্ৰুৱাৰীত দাখিল কৰা ১১৪৭০৮ নং হস্তক্ষেপ অবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই শীঘ্ৰে সাংবিধানিক বিচাৰপীঠ গঠন কৰিব বুলি ৰায় দিছিল বুলি কৈছিল। 

কিন্তু যোৱা ২ মাহ ধৰি বিচাৰপীঠ গঠন নোহোৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি মহাসংঘৰ নেতাগৰাকীয়ে ন্যায়ালয়ৰ প্ৰতি খিলঞ্জীয়া জনগণৰ মোহ ভংগ হোৱাৰ উপক্ৰম হৈছে বুলি কয়। ন্যায় ব্যৱস্থাত ৰাজনৈতিক হস্তক্ষেপ হোৱাৰ বাবেই সাংবিধানিক বিচাৰপীঠ গঠন তথা শুনানি হোৱা নাই বুলি সন্দেহ ব্যক্ত কৰি এয়া দেশৰ বাবে অশুভ ইংগিত বুলি কয়।

কিন্তু যোৱা ১৭ জুলাইত অসম সন্মিলিত মহাসংঘই নাগৰিকত্ব আইনৰ ৬নং দফাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত শুনানি অনুষ্ঠিত কৰিবলৈ সাজু হয়৷ ৬নং দফাই কেৱল অসমত ১৯৭১ চনৰ ২৫ মাৰ্চহে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ বলৱৎ হৈ আছে৷ সংবিধানৰ দফাক প্ৰত্যাহ্বান জনাই অসম সন্মিলত মহাসংঘই আবেদন জনাইছিল। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত শুনানি অনুষ্ঠিত হ’ব জানিবলৈ দিয়ে অসম সন্মিলত মহাসংঘই।