newsnextone.com তেজপুৰঃ বুধবাৰে তেজপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি অসম সন্মিলিত মহাসংঘৰ নেতা মতিউৰ ৰহমানে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু অসমৰ জাতীয়তাবাদী দল-সংগঠনক তীব্ৰ সমালোচনা কৰে। ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ খচৰা সন্দৰ্ভত অনুষ্ঠিত কৰা সংবাদমেলত এনআৰচিৰ খচৰাক মৃত্যুৰ দলিল আখ্যা দিয়ে ৰহমানে। ইমানে নহয় খিলঞ্জীয়া আৰু বাচি নাথাকে বুলি কয়।
অসম সম্মিলিত মহাসংঘৰ নেতা ড০ বিশ্বৰঞ্জন কলিতা, দিপক কুমাৰ নাথ আৰু এনডিএফবিৰ (প্ৰ) সভাপতি গোবিন্দ বসুমতাৰীৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত ১৯৫১ চনক ভিত্তি বৰ্ষ কৰিব লাগে বুলি আদালতত কৰা আবেদনৰ ভিত্তিত সাংবিধানিক বিচাৰপীঠত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এনআৰচিৰ খচৰা প্ৰকাশ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে ৰহমানে।