newsnextone.com | গৌৰিসাগৰঃ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি সম্পূৰ্ণ হোৱাত বুধবাৰে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এখন সংবাদ মেল অনুষ্ঠিত কৰি উন্নয়নৰ খতিয়ান দাঙি ধৰে৷ বিজেপিয়ে পূৰ্বৰ আস্থা লাহে লাহে হেৰুওৱাৰ ফলতেই বিভিন্ন অনুষ্ঠান যোগে পূৰ্বৰ আস্থা উভতাই আনিবৰ বাবে প্ৰতিদিনে বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি আহিছে৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাত বিজেপিয়ে সংবাদ মেল অনুষ্ঠিত কৰি বিগত দিনত কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ বিপৰীতে উন্নয়ন কৰাৰ বাবে পুঁজিহে ঘোষণা কৰে৷ তাৰ দ্বাৰা প্ৰমাণ হয় কেন্দ্ৰীয় চৰকাৰৰ ৪ বছৰ অসমৰ চৰকাৰৰ ২ বছৰৰ কাৰ্যকালত আহোমৰ ৰাজধানী শিৱসাগৰ জিলাত বিশেষ একো উন্নয়নমূলক কাম কৰিব পৰা নাই চৰকাৰে৷ আনহাতে বিভিন্ন সময়ত এই অভিযোগ উত্থাপন হৈ আহিছে৷ 

সাংসদ তাছাই ঐতিহ্যমণ্ডিত জিলাখনৰ উন্নয়নৰ বাবে ১৪ কোটি টকা দিয়াৰ কথা ঘোষণা কৰে৷ এই ধনেৰে ঐতিহাসিক ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ, চৰাইদেউৰ ঐতিহ্যমণ্ডিত সমল সমূহৰ উন্নয়ন সাধন কৰা হ’ব বুলি কয়৷ 

শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত সংবাদমেলত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ উন্নয়নৰ বাবে ১ কোটি ৩০ লাখ, ৰংঘৰৰ বাবে ৩ কোটি ৪০ লাখ, জয়সাগৰ অঞ্চলৰ উন্নয়নৰ বাবে ৪ কোটি ১৩ লাখ আৰু চৰাইদেউৰ উন্নয়নৰ বাবে ৬ কোটি ২৭ লাখ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। জিলা খনৰ বিভিন্ন সমষ্টিৰ বিধায়কসকলক পথ মেৰামতিৰ বাবে ১১ কোটি কৈ আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে।

শিৱসাগৰ পৰ্যটন অতিথিশালা প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দীনদায়ল উপাধ্যায় গ্ৰাম্য বৈদ্যুতিকৰণ, স্বচ্ছ ভাৰত, অটল অমৃত যোজনা, সৌভাগ্য, উজ্জ্বলা যোজনা আদি আঁচনিৰ খতিয়ান দাঙি ধৰে৷

অগপৰ দখলত আমগুৰি সমষ্টিৰ অন্তৰ্গত কোনো ঐতিহাসিক স্থানৰ বাবে ধন দিয়াৰ কথা ঘোষণা নকৰিলে সাংসদ তাছাই৷ সংবাদ মেলত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু ৰাজ্যিক মহিলা মর্চাৰ উপ-সভানেত্ৰী সুৰভী ৰাজকোঁৱৰী উপস্থিত থাকে।