newsnextone.com | ডিফুঃ ১৯৭৭ চনত দেশত ঘোষিত জৰুৰীকালীন অৱস্থাই ৪৩ বছৰ অতিক্ৰম কৰে৷ ১৯৭৭ চনত ঘোষিত জৰুৰীকালীন অৱস্থাৰ গইনা লৈ বিজেপিয়ে ২০১৮ চনত কংগ্ৰেছক ঘেৰাও কৰা পৰিলক্ষিত হৈছে৷ জৰুৰীকালীন অৱস্থাক সুঁৱৰি বিজেপিয়ে সমগ্ৰ দেশত কলা দিৱস পালন কৰে৷ একপ্ৰকাৰ কলা দিৱস কংগ্ৰেছক সমালোচনা কৰা দিৱসত পৰিণত হয়৷ 

উল্লেখ্য যে, বিজেপিয়ে সমগ্ৰ দেশৰ নেতাই আৰু প্ৰতিখন জিলাত সংবাদ মেল অনুষ্ঠিত কৰি কলা দিৱস পালন কৰে৷ অসমতো বিজেপিয়ে ৩৬ খন সাংগঠনিক জিলাত কলা দিৱস পালন কৰি সংবাদ মেল অনুষ্ঠিত কৰে৷ প্ৰকৃততে এয়া কংগ্ৰেছক সমালোচনা কৰাৰ বাবে দিৱস পালন কৰাৰ দৰে হোৱা বুলি অভিযোগ উত্থাপন হয়৷

কাৰ্বি আংলঙতো ভাৰতৰ প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ শাসনকালক হিটলাৰী শাসন বুলি অভিহিত কৰি দেশৰ ৰাজনীতিৰ কলা অধ্যায় আখ্যা দি বিজেপিয়ে ক'লা দিন হিচাপে পালন কৰে৷  

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা বোকাজান সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিনে ডিফুস্থিত পূব কাৰ্বি আংলং বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি কাৰ্বি আংলঙত বিজেপিয়ে ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে৷ ৰাজ্যত কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত অবাধ দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি বিজেপিয়ে তেনে দুৰ্নীতি ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি কয়৷ বিজেপিৰ দুবছৰীয়া শাসন কালত কংগ্ৰেছৰ দুৰ্নীতি ফাদিল কৰা হৈছে বুলি দাবী কৰে বিধায়গৰাকীয়ে৷ যদিহে কাৰ্বি আংলঙত দুৰ্নীতি হৈছে সেয়া তথ্য সহকাৰে প্ৰমাণ কৰিবলৈ সাংবাদিকসকলক আহ্বান জনায় মুখপাত্ৰগৰাকীয়ে৷

পূৰ্বৰ কাৰ্বি পৰিষদৰ দুৰ্নীতি সন্দৰ্ভত বিজেপি চৰকাৰ খনে কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ প্ৰশ্নৰ গুৰুত্ব প্ৰদান নকৰি কংগ্ৰেছৰ আমোলত কাৰ্বি পৰিষদত যদিহে দুৰ্নীতি হৈছে সাংবাদিকে প্ৰমাণ দিয়ক বুলি কৈ কাইলৈ ব্যৱস্থা গ্ৰহণ কৰিম বুলি কোৱাৰ লগতে সাংবাদিকৰ বিৰুদ্ধেহে ক্ষোভ প্ৰকাৰ কৰে বোকাজান সমষ্টিৰ বিধায়ক ডা০ নোমল মমিনে৷ তেওঁ সাংবাদিকসকলক তাচ্চিল্য কৰি কয় যে আপোনালোকৰ মেম’ৰি কম বুলি কয়৷

মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছৰ আমোলত বিভিন্ন বিভাগত সংঘটিত দুৰ্নীতিত জড়িত বিষয়া-কৰ্মচাৰীৰ গ্ৰেপ্তাৰৰ পৰা আৰম্ভ কৰি টাটাৰ সহায়ত কেন্সাৰ হস্পিতাল স্থাপনৰ কথাও কয়৷ কিন্তু বিজেপিৰ খতিয়ান পত্ৰখনত কাৰ্বি আংলঙত কংগ্ৰেছৰ আমোলত সংঘটিত দুৰ্নীতিৰ কথা উল্লেখ নকৰে৷ আনহাতে কাৰ্বি আংলং জিলাৰ কেইবাগাৰকী সাংবাদিকে বিধায়কৰ এই মন্তব্যৰ বিৰুদ্ধে নাৰাজ হৈ পৰে৷ বিধায়ক নিৰ্বাচিত হোৱাৰ পৰা ক্ষমতা লাভ কৰি ডা০ নোমল ম’মিনে সকলো পাহৰি যোৱা বুলি কয়৷ আনহাতে বিধায়ক হোৱাৰ পিছতে ডাঙৰ পণ্ডিত হৈ পৰা বুলি কয়৷