গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰাই সৰৱ হৈছে অসমৰ ৰাইজ৷ চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ দল-সংগঠন সৰৱ হৈ উঠিছে৷
আজি সচেতন নাগৰিক মঞ্চই এখন সংবাদ মেল আয়োজন কৰি বিজেপি চৰকাৰক ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন দিব দিয়া নহব বুলি পুনৰ সকীয়াই দিয়ে। অাজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল যোগে ড০ হীৰেন গোহাই, ড০ দীনেশ বৈশ্য, উদয়াদিত্য ভৰালী, সাংবাদিক মনজিৎ মহন্ত, হাইদৰ হুছেইনে কেৱল গাদী দখলৰ স্বাৰ্থত চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপনৰ ষড়যন্ত্ৰ কৰা বুলি কৈ এই ষড়যন্ত্ৰ যিকোনো মূল্যৰ বিনিময়ত সৰ্বশক্তিৰে বন্ধ কৰা হব বুলি হুংকাৰ দিয়ে।