নগাঁওঃ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাকে ধৰি ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদ’লৰ চোৱা-চিতাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাই দিয়াৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ শাসক বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই আহিছে৷
অসমৰ স্বাভিমান জড়িত হৈ থকা জাতীয় জীৱনৰ পৰিচয়স্বৰূপ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডৰ বণিক গোষ্ঠীক চমজাই দিবলৈ বিচৰা সিদ্ধান্তক লৈ ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে৷