চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ৰ ছাত্ৰী আৱাস নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰি আহিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। দীৰ্ঘদিন ধৰি সংগঠনটোৱে মহাবিদ্যালয় খনত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰাত প্ৰশাসনে তদন্ত ঘোষণা কৰিছিল যদিও ব্যাপক ধনৰ বুজাবুজিৰে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে৷ সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিয়ে আজি এক বিবৃতি যোগে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে বিগত সময়ছোৱাত মহাবিদ্যালয়খনৰ উন্নয়নৰ নামত বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা পূঁজিৰ ব্যৱহাৰত বিয়াগোম কেলেংকাৰীৰে মহাবিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে উন্ননয়ৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়াৰ অভিযোগ উত্থাপন কৰে৷
মহাবিদ্যালয়খনৰ প্ৰবক্তাৰ লগতে অন্যান্য কৰ্মচাৰীৰ নিস্বাৰ্থ সেৱাৰ বাবেই ডি ডি আৰ মহাবিদ্যালয়খনিয়ে ২০০৫ বৰ্ষত NAACৰ Grade-B লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছতেই মহাবিদ্যালয়খনৰ উন্নয়ণৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে বিভিন্ন সময়ত আগবঢ়াইছিল অনুদান। এনে বহু অনুদানৰ ভিতৰত মহাবিদ্যালয়খনৰ ছাত্ৰী-আৱাস নিৰ্মাণৰ বাবে অহা ৪০ লাখ টকাৰ অনুদানৰ পুঁজিৰে আৰম্ভ হোৱা ছাত্ৰী-আৱাসগৃহ নিৰ্মাণৰ কাম যোৱা ৭টা বছৰে চলি থকাৰ পিছতো আজিলৈকে সম্পূৰ্ণ নহল বুলি অভিযোগ কৰে সংগঠনটোৱে। ইপিনে আৱাসগৃহৰ অধ্যক্ষগৰাকীৰ তত্বাৱধানত নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে ভৱনটোৰ দেৱালসমূহ ফাট মেলি খহিবলৈ আৰম্ভ কৰা বুলি কয়।