ইন্দোৰঃ  এনাৰ্জী ফাউণ্ডেশ্যনৰ উদ্যোগত ২০১৯-ৰ ২৮ মাৰ্চত ‘নিৰ্বাচনৰ সময়ত সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা’ শীৰ্ষক এক কাৰ্যসূচী কেফে ভাড়াজত অনুষ্ঠিত হয়। উৰ্জা গুৰু আৰিহাণ্ট ঋষিয়ে সাধাৰণ নিৰ্বাচনৰ সময়ত দেশজুৰি সুৰাপান আৰু সুৰা বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞাৰ দাবী জনায়। মহামানা আচাৰ্য সম্ৰাট কুশগ্ৰানান্দী জী মহাৰাজৰ প্ৰিয় শিষ্য উৰ্জা গুৰু আৰিহাণ্ট ঋষিয়ে১১ এপ্ৰিলৰপৰা ১৯ মে’লৈ ৭টা পৰ্যায়ত হ’বলগা দেশৰ লোকসভা নিৰ্বাচন আৰু অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ওড়িষা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ সময়ত সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিবলৈ ভাৰতৰ মুখ্য নিৰ্বাচন বিষয়াক অনুৰোধ জনায়। আৰিহাণ্ট ঋষিয়ে বিশ্বাস কৰে যে, সুৰাপানে এগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ লগতে মানসিকতাতো প্ৰভাৱ পেলায়।

উৰ্জা গুৰু আৰিহাণ্টে সংবাদ মাধ্যমক উদ্দেশ্যি কয়, “সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰিত হৈছে যে ভোটৰ আশাত বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাসকলক প্ৰৰোচিত কৰিছে আৰু দলৰ তুচ্ছ স্বাৰ্থৰ বাবে তেওঁলোকৰ মাজত ধন আৰু সুৰা বিতৰণ কৰিছে। এনেধৰণৰ কাৰ্যই সামাজিক বিশৃংখলাৰ সৃষ্টি কৰে, আৰু দেশখনৰ গণতান্ত্ৰিক পদ্ধতিক দুৰ্বল কৰি তোলে। গতিকে, দেশৰ গণতান্ত্ৰিক পদ্ধতিক বহনক্ষম কৰি ৰাখিবলৈ আৰু নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ, ভোটদানৰ আগে আগে সাতদিনৰ বাবে দেশত সুৰাৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাটো অতি জৰুৰী। ইয়াৰ বাবে, আমি ৰাজ্য প্ৰশাসনৰ লগতে নাগৰিকসকলৰ ফালৰপৰা ইতিবাচক সহযোগিতা আৰু সমৰ্থন আশা কৰিছোঁ।”

উৰ্জা গুৰু আৰিহাণ্ট ঋষিয়ে শেহতীয়াকৈ বিশ্ব হিন্দু পৰিষদ (ভিএইচপি)ৰ চেণ্ট্ৰেল ছেইণ্ট ব’ৰ্ডত স্থান লাভ কৰিছে। প্ৰথমবাৰৰ বাবে এগৰাকী জৈন সন্তই ভিএইচপিত স্থান লাভ কৰিছে। ভিএইচপিত যোগদান কৰাৰ সন্দৰ্ভত উৰ্জা গুৰুৱে কয় যে, ভিএইচপি-এ সামাজিক কল্যাণৰ উদ্দেশ্যে বহু ভাল কাম কৰি আছে, গতিকে, ভিএইচপিত যোগদান কৰাৰ জৰিয়তে ময়ো এনে কামেই কৰিব বিচাৰোঁ। শক্তিৰ সুপ্ৰয়োগৰ সমৰ্থক, উদ্দেশ্যধৰ্মী বক্তা উৰ্জা গুৰুৱে বৰ্তমানলৈকে বিভিন্ন অভিনৱ কাম কৰি থৈ গৈছে। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত উৰ্জা গুৰুৰ নামত দুটা অভিলেখ পঞ্জীকৃত হোৱাৰ লগতে গ’ল্ডেন বুক অৱ ৰেকৰ্ডছতো তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। এনাৰ্জী ফাউণ্ডেশ্যনৰ উদ্যোগত ২০১৯-ৰ ২৮ মাৰ্চত ‘নিৰ্বাচনৰ সময়ত সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা’ শীৰ্ষক এক কাৰ্যসূচী কেফে ভাড়াজত অনুষ্ঠিত হয়।উৰ্জা গুৰু আৰিহাণ্ট ঋষিয়ে সাধাৰণ নিৰ্বাচনৰ সময়ত দেশজুৰি সুৰাপান আৰু সুৰা বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞাৰ দাবী জনায়। মহামানা আচাৰ্য সম্ৰাট কুশগ্ৰানান্দী জী মহাৰাজৰ প্ৰিয় শিষ্য উৰ্জা গুৰু আৰিহাণ্ট ঋষিয়ে১১ এপ্ৰিলৰপৰা ১৯ মে’লৈ ৭টা পৰ্যায়ত হ’বলগা দেশৰ লোকসভা নিৰ্বাচন আৰু অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ওড়িষা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ সময়ত সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰী কৰিবলৈ ভাৰতৰ মুখ্য নিৰ্বাচন বিষয়াক অনুৰোধ জনায়। আৰিহাণ্ট ঋষিয়ে বিশ্বাস কৰে যে, সুৰাপানে এগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ লগতে মানসিকতাতো প্ৰভাৱ পেলায়।

উৰ্জা গুৰু আৰিহাণ্টে সংবাদ মাধ্যমক উদ্দেশ্যি কয়, “সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰিত হৈছে যে ভোটৰ আশাত বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাসকলক প্ৰৰোচিত কৰিছে আৰু দলৰ তুচ্ছ স্বাৰ্থৰ বাবে তেওঁলোকৰ মাজত ধন আৰু সুৰা বিতৰণ কৰিছে। এনেধৰণৰ কাৰ্যই সামাজিক বিশৃংখলাৰ সৃষ্টি কৰে, আৰু দেশখনৰ গণতান্ত্ৰিক পদ্ধতিক দুৰ্বল কৰি তোলে। গতিকে, দেশৰ গণতান্ত্ৰিক পদ্ধতিক বহনক্ষম কৰি ৰাখিবলৈ আৰু নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ, ভোটদানৰ আগে আগে সাতদিনৰ বাবে দেশত সুৰাৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাটো অতি জৰুৰী। ইয়াৰ বাবে, আমি ৰাজ্য প্ৰশাসনৰ লগতে নাগৰিকসকলৰ ফালৰপৰা ইতিবাচক সহযোগিতা আৰু সমৰ্থন আশা কৰিছোঁ।”

উৰ্জা গুৰু আৰিহাণ্ট ঋষিয়ে শেহতীয়াকৈ বিশ্ব হিন্দু পৰিষদ (ভিএইচপি)ৰ চেণ্ট্ৰেল ছেইণ্ট ব’ৰ্ডত স্থান লাভ কৰিছে। প্ৰথমবাৰৰ বাবে এগৰাকী জৈন সন্তই ভিএইচপিত স্থান লাভ কৰিছে।