বঢ়মপুৰঃ মাঘ বিহুৰ উদযাপনৰ নামত আঘোণ-পুহ মাহৰ পৰা ৰঙালী বিহু সদৃশ পৰিবেশৰ সৃষ্টি হয় অসমত৷ একাংশ মাধ্যমত কেৱল বিহু গীত, নৃত্যৰে ৰঙালী বিহুলৈ ৰূপান্তৰ কৰে মাঘ বিহুৰ সময়ছোৱাক৷ কিন্তু কৃষি ভিত্তিক মাঘ বিহুৰ সুকীয়া বৈশিষ্টক ধ্বংস কৰিব খোজা বুলি ৰাজ্যত প্ৰতিবছৰেই চৰ্চা অব্যাহত আছে৷ তাৰ মাজতে গৰজি উঠিল বিহু সুৰক্ষা সমিতি, অসমৰ প্ৰচাৰ আৰু সাংগনিক বিভাগৰ মুখ্য আহ্বায়ক ধ্রুৱ শইকীয়াই৷
এক বিবৃতি যোগে ভোগালী বিহু উদযাপন কৰাৰ নামত ভোগালী বিহুৰ পৰম্পৰা বিনষ্ট কৰি ৰঙালী বিহুৰ পৰম্পৰাৰে উদযাপন কৰাৰ অভিযোগ উত্থাপন কৰে৷ নগাঁৱৰ নেহৰুবালিত সদৌ নগাঁও ভোগালী বিহুৰ উদযাপন সমিতিয়ে মাঘ বিহুৰ সময়ত বিহু প্ৰতিযোগিতা আনুষ্ঠিত কৰিবলৈ যো-জা চলোৱাক তীব্ৰ ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷