প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | মৰিগাঁওঃ ৰাষ্ট্ৰসংঘই ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰই অসমক ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে মঙলবাৰে পত্ৰ খন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কলিতা জনগোষ্ঠীৰ জাতীয় সংগঠন কলিতা জনগোষ্ঠী সন্মিলন আৰু কলিতা সেনাই৷ 

উল্লেখ্য যে, এনআৰচিৰ নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্ব পৰিকল্পনা নথকাৰ লগতে এনআৰচিৰ পৰা বাদ পৰা বাংলাভাষী মুছলমানৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰা হ’ব সেই ক্ষেত্ৰত ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব খুছিছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল ৰাষ্ট্ৰ সংঘই৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত প্ৰেৰণ সন্দৰ্ভত সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰে৷ 

বিতৰ্কিত পত্ৰ সন্দৰ্ভত কলিতা জনগোষ্ঠী সন্মিলন আৰু কলিতা সেনাই এক বিবৃতি যোগে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো অপশক্তিৰ ষড়যন্ত্ৰৰ প্ৰভাৱত ৰাষ্ট্ৰসংঘই অযথা ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব বিচাৰিছে বুলি কয়৷ সন্মিলনৰ সাধাৰণ সম্পাদক ডা০ ৰমেন কাকতি আৰু কলিতা সেনাৰ সভাপতি মৃদু কাশ্যপে এই কাৰ্যৰ দ্বাৰা ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত লৈ চলি থকা ষড়যন্ত্ৰৰ গভীৰতা চৰকাৰে নিশ্চিই উপলদ্ধি কৰিব পাৰিছে বুলি কয়৷

এই অঞ্চলত প্ৰাচীনতম তথা বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী কলিতা জনগোষ্ঠীক অনুসূচীত জনজাতি ঘোষণা কৰি সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তভুৰ্ক্ত কৰাৰ লগতে অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সন্দৰ্ভতো প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলেহে অনাগত দিনত আহিব পৰা ভয়াবহ পৰিস্থিতিৰ মুখামুখী হ’ব পৰাকৈ এই অঞ্চলৰ খিলঞ্জীয়াসকল শক্তিশালী হৈ থাকিব বুলি কয় সংগঠন দুটাই।

আনহাতে কলিতা সেনাৰ সভাপতি মৃদু কাশ্যপে এনআৰচি উন্নীতকৰণৰ কাৰ্য পূৰ্ণগতিত চলি থকাৰ সময়ত বিষয়টো এনেদৰে ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ নি কোনোৱে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে৷ এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত যাতে বাধা নাহে তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ সংগঠনটোৱে আহ্বান জনায়।