42
ডিজিটেল ডেস্কঃ দেশত আধাতে বিদ্যালয় এৰা বা একেবাৰে বিদ্যালয়লৈ নোযোৱা শিশুৰ ভিতৰত অনুসূচীত জাতি, জনজাতি আৰু মুছলিম সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বাধিক৷ এই কথা জানিবলৈ দিয়ে মানৱ সংসাধন বিকাশ ৰাজ্য মন্ত্ৰী উপেন্দ্ৰ কুশবাহা৷
লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, সংশ্লিষ্ট জিলা শিক্ষা সূচনা প্ৰণালী অনুসৰি দেশত মধ্যম শ্ৰেণীৰ শিশুৱে বিদ্যালয় ত্যাগ কৰাৰ সংখ্যাতকৈ মুছলমান, জনজাতি আৰু অজনজাতি শিক্ষাৰ্থীৰ সংখ্যা সৰ্বাধিক৷