কোকৰাঝাৰঃ প্ৰাথমিক শিক্ষক সন্মিলনীৰ কোকৰাঝাৰ মহকুমা সমিতিৰ ২৯তম দ্বি-বাৰ্ষিক অধিৱেশনখন আজি এদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ ছালাকাটি এল পি স্কুল প্ৰাংগনত অনুষ্ঠিত হৈ যায়৷ আজি পুৱা ৮ বজাত চাফাই অভিযানেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷
পুৱা ৯ বজাত সংগঠনৰ পতাকা উত্তোলন কৰে কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি বিনোদ চন্দ্ৰ ৰায়ে৷ ৯-৩০ বজাত সন্মিলনীৰ সাধাৰণ সম্পাদক বিকাশ সুবেদীয়ে স্মৃতি তৰ্পন কৰাৰ পিছতে বৃক্ষৰোপন কৰে ইউ পি এলৰ ৰেছিডেণ্ট মেনেজাৰ এছ. চক্ৰবৰ্ত্তীয়ে৷ পুৱা ১০-৩০ বজাৰ পৰা অধিৱেশনত উপস্থিত প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰা হয়৷