হোজাইঃ গুৰু শিষ্যৰ মহৎ সম্পৰ্কক কলুষিত কৰি এগৰাকী অধ্যক্ষই নিজ বিদ্যালয়ৰ নাবালিকা ছাত্ৰীক পলুৱাই নি বিৱাহপাশত আৱদ্ধ হোৱাৰ এক ঘটনা সংঘটিত হৈছে মোৰাঝাৰৰ যমুনাগাঁৱত৷ নিজে ছাত্ৰ-ছাত্ৰীক সজ চৰিত্ৰৰ শিক্ষা দিয়া শিক্ষকগৰাকীৰ এই চৰিত্ৰহীনতা তথা নিৰ্লজ্জ কাণ্ডত সমগ্ৰ হোজাই জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

অতি আচৰিত কথা এই যে চৰিত্ৰহীন শিক্ষকগৰাকীৰ এগৰাকী পত্নী আৰু দশম শ্ৰেণীত পঢ়ি থকা এগৰাকী কন্যা আছে৷ সেই কন্যাৰে সহপাঠী এইগৰাকী নাবালিকা ছাত্ৰী৷ অধ্যক্ষজনে প্ৰলোভন দি নিজ কন্যাৰ বান্ধৱীক পলুৱাই আনি বিৱাহপাশত আৱদ্ধ হোৱাৰ পিছত মানসিকভাৱে ভাগি পৰি বলিয়াৰ দৰে হৈ পৰিছে কন্যা৷

কালিলৈকে একে শ্ৰেণীত পঢ়ি থকা নিজৰ বান্ধৱীগৰাকীক ৰাতিৰ ভিতৰতে অধ্যক্ষগৰাকীৰ কন্যাই মা বুলি মাতিবলগীয়া পৰিস্থিতি উদ্ভৱ হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে৷ এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত ডবকাৰ সমীপৱৰ্তী পূৱ যমুনাগাঁৱত৷

পূৱ যমুনাগাঁৱত স্থাপিত যমুনাগাওঁ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা দশম শ্ৰেণীত পঢ়ি থকা এটি কন্যা সন্তানৰ পিতৃ মুহিবুৰ ৰহমানে নিজ বিদ্যালয়ৰ দশম শ্ৰেণীৰ নাবালিকা এ বেগম নামৰ ছাত্ৰীগৰাকীক যোৱা নিশা প্ৰলোভন দি পলুৱাই নি বিৱাহপাশত আৱদ্ধ হয়৷ শিক্ষকগৰাকীয়ে এই নাবালিকা ছাত্ৰীগৰাকীক বহুদিনৰ পৰা যৌন নিৰ্যাতন চলাই আহিছিল বুলি থানাত ৰুজু কৰা গোচৰৰ পৰা জানিব পৰা গৈছে৷

আমছু নেতা মনোৱাৰ হুছেইনে এই সন্দৰ্ভত মোৰাঝাৰ থানাত দাখিল কৰা এজাহাৰ তথা ৰাইজৰ অভিযোগ মতে যমুনাগাওঁ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মুহিবুৰ ৰহমানে বিদ্যালয়খনত অনুমতিবিহীনভাৱে হোষ্টেল চলাই নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক নিশা ক'চিং ক্লাছ কৰাই থকাৰ সুযোগত উপৰোক্ত ছাত্ৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ সেই সুযোগতে প্ৰলোভন দি ছাত্ৰীগৰাকীক অধ্যক্ষগৰাকীয়ে যৌন নিৰ্যাতন চলাইছিল বুলিও এজাহাৰত উল্লেখ কৰিছে৷

যোৱা নিশা নাবালিকা ছাত্ৰীগৰাকীক অধ্যক্ষজনে প্ৰলোভন দি ঘৰৰ পৰা লৈ যায় আৰু গোটেই নিশা নিজ গৃহত যৌন নিৰ্যাতন চলাই পুৱা ইয়াকুব মাষ্টৰ নামে এজন ব্যক্তিৰ সহযোগত ছাত্ৰীগৰাকীৰ সৈতে বলপূৰ্বক বিৱাহপাশত আৱদ্ধ হয়৷

আজি পুৱা এই বিষযে জানিব পাৰি আমছুৰ মনোৱাৰ হুছেইনে বিষয়টো হোজাইৰ উপাযুক্তৰ লগতে হোজাইৰ আৰক্ষী অধীক্ষকক অৱগত কৰে৷ লগে লগে হোজাইৰ প্ৰশাসনৰ তৎপৰতাত ডবকা ৰাজহ চক্ৰ বিষয়া, ডবকা চক্ৰ আৰক্ষী বিষয়া, মোৰাঝাৰ আৰক্ষী, চাইল্ড লাইনৰ বিষয়বৱীয়া আৰু আমছুৰ কৰ্মীবৃন্দই অধ্যক্ষগৰাকীৰ ঘৰত অভিযান চলাই নাবালিকাগৰাকীক অধ্যক্ষজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে যদিও লম্পট অধ্যক্ষজন পলাই পত্ৰং  দিয়ে৷

ছাত্ৰীগৰাকীৰ প্ৰমাণ পত্ৰত উল্লেখ থকা মতে ছাত্ৰীগৰাকী এতিযাও নাবালিকা। কিন্তু লম্পট শিক্ষকজনৰ ঘৰত পোৱা ছাত্ৰীজনীৰ এখন জন্মৰ প্ৰমাণ পত্ৰ মতে ছাত্ৰীগৰাকী সাবালিকা বুলি প্ৰমাণিত হোৱাত ৰহস্যৰ সৃষ্টি হৈছে৷ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ মতে তাইৰ কোনো জন্মৰ প্ৰমাণ পত্ৰ তৈয়াৰ কৰা হোৱা নাছিল৷ শিক্ষকজনে জালিয়াতিৰে উক্ত প্ৰমাণ পত্ৰখন তৈয়াৰ কৰিছে বুলিওঁ আমছু নেতাগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে৷

আজি ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে৷ কাইলৈ ছাত্ৰীগৰাকীক চাইল্ড লাইনৰ বিষয়াসকলক গতাই দিয়া হ'ব বুলি জানিব পৰা গৈছে। লম্পট শিক্ষকগৰাকীৰ লগতে অবৈধ বিয়াখন সম্পন্ন কৰা ইযাকুব মাষ্টৰৰ বিৰুদ্ধেও মোৰাঝাৰ থানাত গোচৰ ৰুজু হৈছে৷

উল্লেখ্য যে কেইদিনমান পূৰ্বে একেটা অঞ্চলৰ জয়নগৰ জাতীয় বিদ্যালয়ৰ বিবাহিত অধ্যক্ষই নিজৰে দশম শ্ৰেণীৰ ছাত্ৰীক পলুৱাই নি জেলৰ ভাত খাবলগীযা হোৱাৰ পিছত আজিৰ এই ঘটনাই পুনৰ গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সনা বিষয়টোত সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে৷ লম্পট শিক্ষকগৰাকীক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ ৰাইজে দাবী জনাইছে৷