কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা কাৰাগাৰত অাজি এজন কয়দীয়ে দিন দুপৰতে কাৰাগাৰৰ বাৰান্দাত চিপ লৈ অাত্মহত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্য অাৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দিনদুপৰতে কাৰাগাৰতে অাত্মহত্যা কৰা কয়দীজনক জিলাখনৰ কচুগাঁও থানাৰ অন্তৰ্গত গৰুফেলা, ১ নং পানবাৰীৰ দীনেশ চন্দ্ৰ ৰায়(৪৫) বুলি চিনাক্ত কৰা হৈছে ।
অাাজি কাৰাগাৰত অাত্মহত্যা কৰা দীনেশ চন্দ্ৰ ৰায়ৰ দুই পুত্ৰ ক্ৰমে গোপাল ৰায় অাৰু গোৱিন্দ ৰায়ে সংবাদমাধ্যমৰ অাগত সদৰী কৰা মতে যোৱা ৯ জানুৱাৰীৰ নিশা তেওঁলোকৰ মানসিক বিকাৰগ্ৰস্ত পিতৃ দীনেশ চন্দ্ৰ ৰায়ে তেওঁলোকৰ মাকক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল। দীনেশে পত্নীক হত্যা কৰাৰ পিছতে পৰিয়ালৰ লোকে গাওঁৱাসীৰ সহযোগত দীনেশক অাটক কৰি গৰুফেলা অাৰক্ষী চকীত গতাই দিয়ে।