newsnextone.com | মোৰাঝাৰঃ শুকুৰবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ৫৬.০৪ শতাংশ উৰ্ত্তীৰ্ণৰ হাৰেৰে ৰাজ্যত বিগত বৰ্ষতকৈ এইবছৰ উৰ্ত্তীণৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ হাইস্কুল শিক্ষান্তৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ বিদ্যালয়সমূহত আনন্দৰ বন্যা বৈছে৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া নতুন প্ৰস্তুতিৰে ভৱিষ্যত গঢ়াৰ পৰিকল্পনাত ব্যস্ত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল৷
কিন্তু উৰ্ত্তীৰ্ণৰ হাৰত ৰাজ্যৰ চৰকাৰী শিক্ষা বিভাগৰ শিৰ নত হৈ পৰা পৰিলক্ষিত হৈছে৷ প্ৰায়বোৰ ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ফলাফল অধিক ভাল হোৱা দেখিবলৈ পোৱা গৈছে৷ গুণোৎসৱ আদি অনুষ্ঠিত কৰি চৰকাৰে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাৰ যিমানেই উন্নতি সাধন কৰিবলৈ চেষ্টা নকৰক কিয়, ফলাফলৰ শেষত কিন্তু চৰকাৰী বিদ্যালয়ৰ ওপৰত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে অাধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷