মোৰাঝাৰঃ মুন্না ভাই এম বি বি এছ নহয়, এইবাৰ ওলাইছে মুন্না প্ৰিঞ্চিপাল ছাৰ। হোজাই জিলাৰ এখন বিদ্যালয়। শুনিবলৈ আচৰিত যেন লাগিলেও ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খন আছে চৰকাৰী বিদ্যালয়ৰ ভূমিত। তাতোকৈ আচৰিত কথাটো এয়ে যে ব্যক্তিগত বিদ্যালয়খনৰ গৰাকী হৈছে চৰকাৰী বিদ্যালয়খনত কৰ্মৰত কেবাজনো শিক্ষক।

♦ মোৰাঝাৰত শিক্ষা বিভাগৰ চকুত ধূলি চৰকাৰী শিক্ষকৰ 

চৰকাৰী ভূমিত চৰকাৰী শিক্ষকে শিক্ষা বিভাগৰ চকুত ধুলি দি শিক্ষাৰ ব্যৱসায় চলাই যোৱা এই বিদ্যালয়খন স্থাপন কৰা হৈছিল ২০০১ চনত। অংকুৰৰ পৰা দশম শ্ৰেণীলৈ এই বিদ্যালয়খনত আছে তিনি শতাধিক ছাত্ৰ-ছাত্ৰী। চিতলমাৰি এম ই আৰু হাইস্কুলৰ চৌহদতে স্থাপন কৰা হৈছে এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়।

চিতলমাৰি এম ই আৰু হাইস্কুলত কৰ্মৰত শিক্ষকসকলে মিলি আৰম্ভ কৰিছিল এই শিক্ষানুষ্ঠানখন। জানিব পৰা মতে, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ দায়িত্বত আছে হাইস্কুলখনৰ প্ৰধান শিক্ষক আতাউৰ ৰহমান, সহঃ শিক্ষক হিলাল আহমেদ আৰু হুছেইন আহমেদ।

৭ বাৰকৈ পৰীক্ষা দি মেট্ৰিক পাছ কৰা মোস্তাফা আহমেদ ওৰফে মুন্নাক  অধ্যক্ষ পদৰ দায়িত্ব দি চৰকাৰী বিদ্যালয়ৰ শিক্ষকবৃন্দই একেটা চৌহদতে শিক্ষাৰ নামত এনেদৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। নীতি বৰ্হিভূত বাবে চৰকাৰী বিদ্যালয়ৰ চৌহদত কি দৰে চিতলমাৰী জাতীয় বিদ্যালয় নাম দি চৰকাৰী শিক্ষকসকলে ব্যক্তিগত শিক্ষানুষ্ঠান স্থাপন কৰি ব্যৱসায় চলাি যাবলৈ সমৰ্থ হৈছে সেয়া স্থানীয় সচেতন লোকসকলৰ বাবে ৰহস্যৰ বিষয় হৈ পৰিছে।

স্থানীয় ৰাইজে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক কেবাবাৰো অভিযোগ দাখিল কৰিছে যদিও আজিলৈকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। "চৰকাৰী বিদ্যালয়ৰ মাটিত কেনেদৰে ব্যক্তিগত বিদ্যালয় পাতিব পাৰিছে সেয়া আজিও আমাৰ বোধগম্য নহ'ল।"-চৰকাৰী বিদ্যালয়খনৰ শিক্ষকসকলে ব্যক্তিগত বিদ্যালয়খনত ভালকৈ পাঠদান কৰাৰ অভিযোগ উত্থাপন কৰি এইদৰে কয় একাংশ ক্ষুব্ধ অভিভাৱকে।

ভাল আৰু আঢ্যৱন্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক চিতলমাৰী জাতীয় বিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰি দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী এম ই আৰু হাইস্কুলখনত পাল মাৰি পাঠদান কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। চৰকাৰী বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সন্তানকো জাতীয় বিদ্যালয়খনত পঢ়ুৱাই আহিছে বুলিও স্থানীয় লোকসকলে জানিবলৈ দিছে।

চৰকাৰৰ প্ৰভাৱশালী শিক্ষা  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাৰ ফুলজাৰিৰে নিজকে দক্ষ মন্ত্ৰী হিচাপে পৰিচয় দি থকাৰ সময়ত বিভাগটোত এয়া কি চলিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰী বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে হোজাই জিলা আমছুৱে।