নতুন দিল্লীঃ পৰৱৰ্তী নিৰ্বাচন অহা মে’ মাহত হোৱাৰ সম্ভাৱনা আছে৷ এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ কংগ্ৰেছে ব্ৰহ্মাস্ত্ৰ হিচাপে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক সক্ৰিয় ৰাজনীতিলৈ আনি উত্তৰ প্ৰদেশৰ পূব অঞ্চলৰ দায়িত্বৰে প্ৰদান কৰিছে৷
উত্তৰ প্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ দুই জনপ্ৰিয় মুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ৰাজনৈতিকভাৱে মোকাবিলা কৰিবৰ বাবে প্ৰিয়ংকাৰ ৰাজনীতিত প্ৰৱেশ আছিল দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ৷