Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ জল প্ৰলয়ৰ ফলত ৰাজ্যৰ পৰ্যটনস্থলী বিধ্বস্ত হোৱাৰ পৰতে সপোনৰ জখলাৰে বগাইছে পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ।

অসমৰ পৰ্যটন খণ্ডৰ প্ৰতি দেশী-বিদেশী লোকক আকৰ্ষণ কৰিবলৈ চৰকাৰে দায়িত্ব দিয়া ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই আৰম্ভ কৰিছে তৃতীয়খন হলিউডী ছবিৰ শ্বুটিং।

আমেৰিকাত ব্যস্ত অভিনেত্ৰীগৰাকীৰ মুঠেও সময় নাই অসমৰ কথা ভাবিবলৈ। আনকি দুৰ্যোগৰ সময়ত ছচিয়েল মিডিয়াতো অসমৰ বিষয়ে মন্তব্য কৰাৰ আহৰি নাই প্ৰিয়ংকাৰ।

সম্প্ৰতি আমেৰিকাত আৰম্ভ হৈছে প্ৰিয়ংকাৰ তৃতীয়খন হলিউডী ছবি ইজ নট ইট ৰোমাণ্টিকৰ শ্বুটিং। কমেডী চলচ্চিত্ৰখনত প্ৰিয়ংকাৰ চৰিত্ৰ এগৰাকী যোগাসন শিক্ষকৰ। তেওঁৰ সহভিনেতা কেবাজনো জনাজাত শিল্পী।

অলপতে প্ৰিয়ংকাই ছ'চিয়েল মিডিয়াত মুকলি কৰিছে 'ইজ নট ইট ৰোমাণ্টিক'ৰ শ্বুটিঙৰ ভিডিঅ'। স্বাভাৱিকতে এগৰাকী অভিনেত্ৰী হিচাপে এনে উত্থান প্ৰিয়ংকাৰ বাবে উল্লেখনীয়।

পিছে একে সময়তে তেওঁ অসম চৰকাৰৰে সম্পাদন কৰা চুক্তিক উপেক্ষা কৰা বুলি চৰ্চিত হৈছে। বিপৰ্যয়ৰ সময়ত ছবিৰ শ্বুটিঙৰ সমান্তৰালকৈ অসমৰ প্ৰতি থকা দায়বদ্ধতা স্মৰণ কৰাটো এগৰাকী দায়িত্ববাহী হিচাপে তেওঁৰ কৰ্তব্য বুলি চৰ্চিত হৈছে।