মঙলদৈঃ জাপানত অহা ২৮ মে’ৰ পৰা তিনি জুনলৈ অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ৰ যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ঢেঁকীপাৰা গাঁৱৰ দিৱাকৰ ডেকাৰ কন্যা প্ৰিয়ংকা ডেকাই আমন্ত্ৰণ লাভ কৰিছে৷ প্ৰিয়ংকাৰ সৈতে এই মহোৎসৱত অসমৰ আন দুগৰাকী ছাত্ৰ-ছাত্ৰীয়েও অংশ ল’ব৷
পৰিতাপৰ বিষয় এই পৰ্যন্ত প্ৰিয়ংকাই লাভ কৰা নাই ভিছা। অথচ প্ৰিয়ংকাই জাপানলৈ উৰা মাৰিবলৈ মাজত মাথোঁ সাতদিনহে বাকী৷ ইয়াক লৈ প্ৰতিভাৱান ছাত্ৰীগৰাকী কিছু পৰিমাণে হতাশ হৈছে৷