চৰাইদেউঃবিশ্বত সবাতোকৈ জনপ্ৰিয় সামাজিক মাধ্যম হৈ পৰিছে ছ’চিয়েল মিডিয়া৷ তাৰ মাজতে ফেচবুক বৰ্তমান সময়ত বিশ্বৰ সৰ্বত্ৰে জনপ্ৰিয়তা লাভ কৰা এটি ছ’চিয়েল নেটৱৰ্কিং ছাইট। ফেচবুক বুলিলেই আমাৰ বহুতৰে মনত হয়তো নেতিবাচক ধাৰণাই দেখা দিয়ে। বহুলোকে নিজ নিজ সন্তানক ফেচবুকৰ পৰা আঁতৰাই ৰখাৰো চেষ্টা কৰে।

শৈক্ষিক আৰু চাৰিত্ৰিক দিশত ক্ষতি কৰিব বুলিয়ে অভিভাৱকে নিজৰ সন্তানক ফেচবুকৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। কিন্তু আমাৰ ৰাজ্য খনত ফেচবুকৰ জৰিয়তে বিভিন্ন ভাল কাম হৈ থকা দেখা গৈছে ৷ বানৰ সময়ত সাহায্য বিচাৰি ফেচবুকক ব্যৱহাৰ কৰা হৈছে৷ হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰীক হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জনমত ফেচবুকতে গঢ় লৈ উঠিছিল৷

বিভিন্ন ক্ষেত্ৰত ফেচবুকৰ জৰিয়তে একাংশ লোকে যোগাত্মক কাম কৰি থকা দেখা গৈছে৷ নেতিবাচক দিশবোৰতকৈ ইতিবাচক দিশসমূহ ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে ফেচবুকত। যি সময়ত ফেচবুকক মুষ্টিমেয় দুষ্ট চক্ৰই অপৰাধ সংঘটিত কৰিবলৈ সহজ মাধ্যম হিচাপে ব্যৱহাৰ কৰি অহাৰ সময়তে ফেচবুকক সাহিত্যচৰ্চাৰ ক্ষেত্ৰ হিচাপেও একাংশ লোকে ব্যৱহাৰ কৰে ৷ তাৰ এক সুন্দৰ উদাহৰণ  অসমৰ অনুভৱী ফাউণ্ডেচন ৷

ফেচবুক,ৱাটচআপৰ ফটোৰ যোগেদি বন্ধুত্বৰ সম্পৰ্কত বান্ধ খাই অনুভৱী শব্দৰ মায়াজালত বন্দী হৈ অসমৰ ভিন্ন ঠাইৰ মানুহৰ সহযোগত গঠন হোৱা সৃষ্টিশীলতাৰ ফচল অনুভৱী ফাউণ্ডেচন ৷ এই অনুভৱী ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হৈছে এক মনোজ্ঞ অনুষ্ঠানৰ ৷

শব্দৰে ওমলা এক কাব্যিক আবেলিৰ লগতে অনুভৱী ফাউণ্ডেচনে অনুষ্ঠিত কৰিলে অনুভৱী বঁটা প্ৰদানৰ অনুষ্ঠান ৷ উল্লেখ্য যে, চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ আৱৰ্ত্ত ভৱনত পবিত্ৰ মহন ফুকনে সভাপতিত্ব কৰা অনুষ্ঠানটোৰ আঁত ধৰে কবি তথা জ্যেষ্ঠ সাংবাদিক ৰুস্তম গগৈয়ে ।

অনুষ্ঠানটিত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ আদিকে ধৰি বিভিন্ন জিলাৰ কবিসকল মিলিত হয়। বহু কেইজন কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো উমাল কৰি তোলে ৷ অনুভৱী ফাউণ্ডেচন এই অনুষ্ঠানতে দুলীয়াজানৰ ৰীণা দত্তক ‘অনুভৱী বঁটা’ প্ৰদান কৰে । 

এই অনুষ্ঠানত চৰাইদেউ  জিলা কৃষি বিভাগৰ ড.অৰুণ চাংকাকতি, কবি তপন বৰুৱা আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি সভাখনত উপস্থিত থাকে ।